ক্ৰমাৎ বৃদ্ধি পাইছে হোজাই জিলাৰ কাষৰীয়া কপিলী নৈৰ জলপৃষ্ঠৰ পানী

By

Published : Mar 27, 2022, 10:02 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

ক্ৰমাৎ বৃদ্ধি পাইছে হোজাই জিলাৰ কাষৰীয়া কপিলী নৈৰ জলপৃষ্ঠৰ পানী (Rising water of Kapili River in Hojai) । বৃহস্পতিবাৰৰ পৰা ডিমা হাছাওত হোৱা মূষলধাৰ বৰষুণৰ ফলত শনিবাৰে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত (NEEPCO Hydroelectric Project) সংঘটিত হয় জল বিস্ফোৰণ ৷ যাৰ ফলত নেপকোৰ তিনিগৰাকী কৰ্মচাৰীৰ মৃত্যু হয় । উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ পানীৰ পাইপলাইনত থকা ফুটাৰ ফলত পানী নিগৰি বৰ্তমান পানীৰে ভৰি পৰিছে কপিলী নৈ । এই পানী এতিয়া আহি পৰিছে হোজাই অঞ্চলত ৷ যাৰ ফলত পানীৰ পৰিমাণ বৃদ্ধি পোৱাত হোজাই জিলাৰ যমুনাচীত অঞ্চলৰ নৈ পৰীয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে যাতায়তৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.