Ragging at DU: দুজন ছাত্ৰক বহিষ্কাৰ কৰিলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই

By

Published : Mar 17, 2022, 8:57 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মংগলবাৰে সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যযুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam) । অৱশ্যে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ৰেগিঙৰ অভিযোগত বহিষ্কাৰ কৰিলে দুই ছাত্ৰক (DU authorities suspend two students for ragging) ৷ বিশ্ববিদ্যালয়খনৰ গুৰুপ্ৰসাদ দাস ছাত্ৰাবাসত এজন কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত বিশ্ববিদ্যালয়ৰ ছাত্ৰ দুজনে প্ৰহাৰ কৰাৰ পাছতে ভুক্তভোগী ছাত্ৰজনে ছাত্ৰাবাসৰ কৰ্তৃপক্ষক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে (Ragging at Dibrugarh University) ৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তৎকালিনভাৱে হোৱাকৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰি অৱশেষত দুই ছাত্ৰক কৰিলে বহিষ্কাৰ ৷ বহিষ্কৃত ছাত্ৰ দুগৰাকীৰ এজন বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সহ: সাধাৰণ সম্পাদক ঋতুপৰ্ণ দাস আৰু আনজন ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি বিভাগৰ কিংকু শইকীয়া ৷ উল্লেখ্য যে, ৰেগিঙৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ ইফালে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন শিক্ষানুষ্ঠানক জনালে আহ্বান ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.