Dead body recovered : ভাড়াঘৰৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 7:07 PM IST

thumbnail

শিৱসাগৰ, 12 অক্টোবৰ : শিৱসাগৰৰ গৌৰৱ নগৰৰ এটা ভাড়াঘৰত বৃহস্পতিবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাসুদেৱ কুমাৰ নামৰ ব্যক্তিজনৰ ভাড়াঘৰৰ বাথৰূমত পৰি থকা অৱস্থাত উদ্ধাৰ হয় অজয় কুৰ্মী নামৰ যুৱকজনৰ মৃতদেহ ৷

পৰ্যটন বিভাগত কৰ্মৰত সুৰেশ কুৰ্মীৰ পুত্ৰ অজয় কুৰ্মীৰ মৃতদেহৰ এখন হাতত এটা চিৰিঞ্জ থকালৈ চাই মৃত্যুৰ পূৰ্বে ড্ৰাগছ লোৱাৰ সন্দেহ কৰা হৈছে ৷ যুৱকজনক কোনোৱে হত্যা কৰি মৃতদেহ পেলাই থৈ যায় নে ড্ৰাগছৰ অ'ভাৰ ড'জ লোৱাৰ ফলত মৃত্যু হ'ল তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে অজয় কুৰ্মী কৰ্মসূত্ৰে বঙাইগাঁৱত আছিল ৷ কেইদিনমান পূৰ্বে কেতবোৰ নথি-পত্ৰ নিবলৈ বুলি শিৱসাগৰলৈ আহিছিল অজয় কুৰ্মী ৷ পিতৃ শিৱসাগৰত কৰ্মসূত্ৰে ১০-১২ বছৰ ধৰি ভাড়াঘৰটোতে আছিল ৷ ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দণ্ডাদীশ, আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Firing Incident in Jorhat update: যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.