Youth body recovered: এমাহৰ অন্তত অৰ্ধগলিত অৱস্থাত নলাত উদ্ধাৰ আমিনুৰৰ মৃতদেহ

By

Published : Jun 27, 2023, 8:49 PM IST

thumbnail

গুৱাহাটী, 27 জুন: ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত ইটোৰ পিচত মৃতদেহ উদ্ধাৰৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ গুৱাহাটীৰ চুনচালিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ নুনমাটিৰ চুনচালি সংযোগী জয়পুৰ ঘাটৰ এটা নলাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ 

মঙলবাৰে দিনৰ প্ৰায় 11 বজাত স্থানীয় ৰাইজে নলাত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে নুনমাটি আৰক্ষীক ৷ মৃত যুৱকজন আমিনুৰ ইছলাম (23) বুলি চিনাক্ত কৰা হৈছে ৷ কোনো দুৰ্বৃত্তই হত্যা কৰি যুৱকজনক নলাত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ 

সম্পূৰ্ণ গেলি যোৱা অৱস্থাত থকা মৃতদেহটো দুই তিনিদিন পূৰ্বৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখ্য যে যোৱা 25 জুনৰ পৰা সন্ধানহীন হৈ আছিল আমিনুৰ ৷ 

কিন্তু আশ্চৰ্যজনকভাৱে যুৱকজনৰ ঘৰৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত যুৱকজন নিখোঁজ হোৱাৰ কোনো ৰিপৰ্ট দাখিল কৰা নাছিল ৷

লগতে পঢ়ক: Woman Mysterious Death: সন্দেহযুক্ত প্ৰেমিকৰ ঘৰৰ চৌহদত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.