ধেমাজিত অপহৰণকাণ্ড: সাতজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে এজন যুৱকক

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:13 PM IST

thumbnail

জোনাই, ১২ জানুৱাৰী : ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্ত লেকু গাঁৱত এক অপহৰণকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ জানিব পৰামতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত লেকু গাঁৱৰ নিবাসী ৰাজ পাইট নামৰ যুৱকজনে ঘৰৰ কাষৰে ৰাস্তাত বহি আছিল । 

কিন্তু তেনে সময়তে দুখন গাড়ীত অহা সাতজনীয়া কোনো অচিনাক্ত দুৰ্বৃত্তই জোৰ জুলুম কৰি যুৱকজনক গাড়ীত উঠাই লৈ যায় । ঘটনাৰ পিচতে পৰিয়ালৰ লোকে জোনাই আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে অসম অৰুণাচল সীমান্ত অঞ্চলৰ কেইবাটাও ঠাইত যুৱকজনৰ সন্ধানত অভিযান চলাইছে যদিও আজি পৰ্যন্ত যুৱকজনৰ কোনো অনুসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে পৰিয়ালৰ লোকে যুৱকজনক সাতজনীয়া দুৰ্বৃত্তৰ দলটোৱে অৰুণাচল প্ৰদেশৰ দিশে অপহৰণ কৰি লৈ যোৱাৰ সন্দেহ কৰিছে । অপহৰণৰ ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে ৷ গতিকে যুৱকজনৰ লগতে সাতজনীয়া দুৰ্বৃত্তৰ দলটোক কোনো সদাশয় ব্যক্তিয়ে দেখিলে ওচৰৰ আৰক্ষী থানা অথবা 96781 32451 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: চাচনীত ড্ৰাগছ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.