Amrit brikshya andolan:নামৰূপৰ অভয়পুৰত অমৃত বৃক্ষ আন্দোলনৰ বিশ্ব অভিলেখ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:24 PM IST

thumbnail

নাহৰকটীয়া, 15 ছেপ্টেম্বৰ : নাহৰকটীয়াৰ নামৰূপত বিশ্ব অভিলেখ । মাত্ৰ এক ঘণ্টাত ৩ লাখ ৫০ হাজাৰ গছপুলি ৰোপণ কৰি গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল ডিব্ৰুগড় জিলা প্ৰশাসন ।

অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি শুকুৰবাৰে নামৰূপৰ অভয়পুৰ গাঁৱত ২৫ হেক্টৰ মাটিত প্ৰায় ১০ সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীয়ে একেলগে মিলি অগৰু, তিতাছপাকে আদি কৰি বিভিন্ন মূল্যৱান গছ ৰোপণ কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জয়পুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত হয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ । গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিসকলৰ উপস্থিতিত মাত্ৰ এক ঘণ্টাৰ ভিতৰত ৩ লাখ ৫০ হাজাৰ গছপুলি সফলভাৱে ৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া প্ৰয়াসক শলাগ লয় বনমন্ত্ৰী গৰাকীয়ে ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অতিশীঘ্ৰেই গুৱাহাটীত আনুষ্ঠানিক ঘোষণা কৰিব গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.