World Photography day; আলোকচিত্ৰ অগণন লোকৰ ব্যক্তিগত প্ৰকাশৰ মাধ্যম: বিমল বড়া

By

Published : Aug 20, 2023, 7:34 AM IST

thumbnail

ডিব্ৰুগড়, 20 আগষ্ট : 1839 চনৰ পৰাই সমগ্ৰ বিশ্বতে পালন কৰি আহিছে বিশ্ব আলোকচিত্ৰ দিৱস  ৷ কিয়নো ফটোগ্ৰাফীৰ জৰিয়তে স্মৰণীয় কৰি ৰাখিব পাৰি জীৱনৰ প্ৰতিটো মূহুৰ্ত । সমগ্ৰ বিশ্বৰ লগতে ১৯ আগষ্টৰ দিনটোত ডিব্ৰুগড়তো পালন কৰা হয় বিশ্ব আলোকচিত্ৰ দিৱস ।

ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিশ্ব আলোকচিত্ৰ দিৱস । ফটোগ্ৰাফাৰ্ছ ছ’ছাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কোৰিয়ান আলোকচিত্ৰ শিল্পীৰ 112 খন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয় । এই আলোকচিত্ৰ প্ৰদৰ্শনী ফিটা কাটি মুকলি কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই । এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড়ৰ বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই কয়, ‘‘আলোকচিত্ৰ অগণন লোকৰ ব্যক্তিগত প্ৰকাশ আৰু প্ৰশংসাৰ মাধ্যম হিচাপে পৰিগণিত হৈছে । অন্যান্য শিল্প মাধ্যমৰ তুলনাত আলোকচিত্ৰ হৈছে প্ৰকৃত অৰ্থত সবাতোকৈ বেছি জনপ্ৰিয় গণ মাধ্যম । আলোকচিত্ৰ সদায়েই প্ৰতিজন ব্যক্তিৰ অতীতৰ স্মৃতিক মনত পেলাই দিয়ে’’ ।

লগতে পঢ়ক : World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.