ETV Bharat / state

World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !

author img

By

Published : Aug 19, 2023, 7:55 PM IST

আজি বিশ্ব আলোকচিত্ৰ দিৱস ৷ কেনে আছে মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলৱাৰ হুছেইন ! ফটোগ্ৰাফী বৃত্তিৰ সন্দৰ্ভত অতীতৰ কথা ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে হুছেইনে ৷

World Photography day 2023
মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে

মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে

মাজুলী,19 আগষ্ট: আজি বিশ্ব আলোকচিত্ৰ দিৱস (ৱৰ্ল্ড ফটোগ্ৰাফী ডে’) ৷ ফটোৱে কথা কয় । ফটোৱে ধৰি ৰাখে সময় । ইতিহাস ফটোৱে সৃষ্টি কৰে । ইতিহাস সৃষ্টি হয় ফটোৰ বাবে । ফটোগ্ৰাফীৰ মাজেৰে স্মৰণীয় কৰি ৰাখিব পাৰি প্ৰতিটো মুহূৰ্ত । ফটোৰ জৰিয়তে আৰু ক’ত যে কি অতীত ৰোমন্থন কৰিব পাৰি সেয়া আপুনিও উপলব্ধি কৰিব পাৰে ৷ বিশ্বায়ন আৰু ডিজিটেল পৃথিৱীত ফটোৰ জনপ্ৰিয়তা উচ্চ শিখৰত ৷ বিশ্ব আলোকচিত্ৰ দিৱসৰ দিনা ফটোগ্ৰাফাৰ সকললৈ শুভেচ্ছা ৷

মাজুলীত প্ৰথমবাৰৰ বাবে ১৯৭৮ চনৰে পৰা ফটোগ্ৰাফী বৃত্তিৰ সৈতে জড়িত হৈ থকা ফটোগ্ৰাফাৰ দিলৱাৰ হুছেইনে বিশ্ব ফটোগ্ৰাফী দিৱসত পূৰ্বৰ ফটোগ্ৰাফী বৃত্তি আৰু আজিৰ সময়ৰ ফটোগ্ৰাফী বৃত্তিৰ সন্দৰ্ভত অতীতৰ কথা ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। বৰ্তমানো মাজুলীৰ কমলাবাৰীত 'ষ্টুডিঅ ষ্টাইল' নামেৰে এটি ষ্টুডিঅ চলাই জীৱন নিৰ্বাহ কৰি আহিছে হুছেইনে ৷

তেওঁ কয় যে, এতিয়া ফটোগ্ৰাফী একেবাৰে সহজ । এতিয়া সকলো কম্পিউটাৰৰ খেল । আগতে গ্ৰাহাকক এখন ফটো দিবলৈ ৭-৮ দিন সময়ৰ প্ৰয়োজন হয় । ইফালে জ্যেষ্ঠ ফটোগ্ৰাফাৰগৰাকীয়ে নব্বৈৰ দশকৰে পৰা সংবাদ মাধ্যমৰ লগতো কাম কৰা বুলি উল্লেখ কৰি কয় যে "আসাম ট্ৰিবিউন লগত জড়িত আছিলো । ১৯৯০ চনত ইয়াৰ পৰা ফটো লৈ যায় আৰু পিছত প্ৰকাশ পায়।"

আনহাতে মাজুলীৰ জ্যেষ্ঠ ফটোগ্ৰাফাৰগৰাকীয়ে সেই সময়ৰ ৰাজনৈতিক সভা-সমিতি, মন্ত্ৰী-বিধায়ক আৰু মাজুলীলৈ অহা বিভিন্ন ভি ভি আই পিৰ ফটো তোলাৰ কামতো নিয়োজিত আছিল ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ফটোও তেওঁৰ কেমেৰাৰে তোলাৰ কথা উল্লেখ কৰে দিলৱাৰ হুছেইনে । মাজুলীৰ প্ৰথমটো ফটোগ্ৰাফী ষ্টুডিঅ আৰম্ভ কৰা দিলৱাৰ হুছেইন ( দিলু দা' )ৰ ষ্টুডিঅত য়াশ্বিকা(Yashika), মামিয়া(Mamiya), ক’ছিনা (Coshina), ক’ডাক (Kodak), প্ৰিমিয়াৰ (Premier) আদি প্ৰায় ১৫ টা বিভিন্ন পুৰণি মডেলৰ কেমেৰা এতিয়াও সংৰক্ষিত হৈ আছে।

লগতে পঢ়ক:Majuli College Row : মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.