Workers protest in Dibrugarh: পূজাৰ বোনাচ মোকলাই নিদিয়াক লৈ শ্ৰমিকৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail
পূজাৰ বোনাচ মোকলাই নিদিয়াক লৈ শ্ৰমিকৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : October 21, 2023 at 1:38 PM IST

Choose ETV Bharat

ডিব্ৰুগড়,২১ অক্টোবৰ : ৰাজ্যত এতিয়া দুৰ্গা পূজাৰ আনন্দ উল্লাস । এফালে শাৰদীয় দুৰ্গোৎসৱ আৰু আনফালে বোনাচক লৈ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ অচিতপুৰ চাহ বাগিচাৰ শ্ৰমিকক বোনাচ প্ৰদান নকৰাত শনিবাৰে পুৱাই পুৰুষ-মহিলা বহু সংখ্যক শ্ৰমিকে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ।  

শনিবাৰে উক্ত চাহ বাগিচাত শ্ৰমিক গোটৰ সভাপতি চুছেন মূড়া আৰু সম্পাদক অজয় মাঝিৰ নেতৃত্বত বৃহৎ সংখ্যক চাহ শ্ৰমিক ৰাইজ বাগিচাৰ সন্মুখত উপস্থিত হৈ বিভিন্ন প্ৰতিবাদী শ্ল'গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । চাহ বাগিচাৰ মালিক পক্ষই পূজাৰ বোনাচ মোকলাই নিদিয়া বাবে এইদৰে পূজাৰ মাজতে প্ৰতিবাদত নামি পৰে চাহ শ্ৰমিকসকল ।

লগতে পঢ়ক : Road accident at Shraddhanjali Flyover: শ্ৰদ্ধাঞ্জলি উৰণ সেতুত প্ৰথমটো দুৰ্ঘটনা; গৃহৰক্ষী জোৱানসহ আহত এজন