Elephant menace at Jonai:নিশা গোমধানৰ খেতি খাই তহিলং কৰিলে বন্যহস্তীয়ে

By

Published : May 26, 2023, 5:26 PM IST

thumbnail

জোনাই, 26 মে’ : জোনাই মহকুমাৰ পুৰণা জেলমত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে । প্ৰতিদিনেই শংকাত দিন-ৰাতি পাৰ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ গোমধানৰ খেতি খাই তহিলং কৰিছে এটা বনৰীয়া হাতীয়ে ৷ আজি কেইদিনমানৰ পৰা নিশা এটা বন্যহস্তীয়ে বহু খেতিয়কৰ গোমধানৰ খেতি খাই তহিলং কৰাৰ লগতে যথেষ্ট অনিষ্ট সাধন কৰিছে (Wild elephant terror ) ।

জানিব পৰা মতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীটোৱে বিভিন্ন সময়ত বনাঞ্চলখনৰ দাতি কাষৰীয়া গাঁও সমূহত উপদ্ৰৱ চলাই আহিছে (Elephant menace at Jonai) ৷ পুনৰ বৃস্পতিবাৰ নিশা পুৰণা জেলম গাঁৱৰ বহু খেতিয়কৰ কেইবা বিঘা গোমধানৰ খেতি খাই উদং কৰে হাতীটোৱে ৷

উল্লেখ্য যে, বিগত কেইবা মাহ ধৰি পবা বনাঞ্চলৰ পৰা বিভিন্ন দাতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়ে ধাৰাবাহিক তাণ্ডৱ চলাই আহিছে (Wild elephant terror at Jonai) । এইক্ষেত্ৰত খেতিয়ক ৰাইজক সুৰক্ষা দিবলৈ জোনাই বন বিভাগক দাবী জনাইছে খেতিয়ক ৰাইজে ৷

লগতে পঢ়ক : Anganwadi worker protest: বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মাজুলীত অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.