Anganwadi worker protest: বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মাজুলীত অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

By

Published : May 26, 2023, 4:34 PM IST

thumbnail

মাজুলী, 26 মে’: মাজুলীত অংগনৱাড়ী কৰ্মীসকলৰ প্ৰতিবাদ ৷ 23 মে’ৰ পৰা অংগনৱাড়ী কৰ্মীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীৰে যি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তাৰ অংশ হিচাবে শুকুৰবাৰে মাজুলীতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷  দিহা নাম গাই গড়মূৰৰ শ্ৰম কল্যাণ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে অংগনৱাড়ী কৰ্মীসকলে (Anganwadi worker protest in Majuli) ৷  

অংগনৱাড়ী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, মাননীৰ সলনি মজুৰি প্ৰদান কৰা, কেন্দ্ৰসমূহৰ উন্নয়ন সাধন কৰা আদি দাবীৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ পাচতো চৰকাৰে তেওঁলোকক মাহী আইৰ চকুৰে চোৱা বুলি অভিযোগ উত্থাপন কৰে কৰ্মী-সহায়িকাসকলে ৷ তেওঁলোকৰ দাবী চৰকাৰে মানি নল’লে নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে অংগনৱাড়ী কৰ্মীসকলে ৷ 

লগতে পঢ়ক: Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.