হাতী মানুহৰ সংঘাতত নিদ্ৰাহৰণ সোণাৰিৰ জানেকী পথাৰবাসী

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:12 PM IST

thumbnail

ডিব্ৰুগড়, ১৮ জানুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাই আহিছে তাণ্ডৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে চৰাইদেউ জিলাৰ বিভিন্ন স্থানত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত । বুধবাৰে নিশাও সোণাৰিৰ জানেকী পথাৰত বনৰীয়া হাতীয়ে চলায় তাণ্ডৱ ।

অভয়পুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ জাকে ৰিন্টু মুণ্ডা, মধু মুড়া, নেনা মুণ্ডাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । হাতীৰ জাকটোৱে সম্পূৰ্ণ ঘৰ ভাঙি ঘৰৰ ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড কৰে । বন বিভাগক খবৰ দিয়াৰ পিচতো বাতৰি যুগুত কৰা পৰ্যন্ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষতো বনৰীয়া হাতীয়ে এই অঞ্চলসমূহত বহু বাসগৃহ ভাঙি তহিলং কৰিছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.