Murder In Dibrugarh: পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ

By

Published : Jul 13, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

শিহৰণকাৰী ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চলৰ কলাখোৱা বাঁহবাৰী গাঁৱত ভয়ংকৰ ঘটনা (Murder in Dibrugarh)। পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ (Wife killed her husband)৷ মানসিকভাৱে অসুস্থ আছিল পত্নী দেৱযানী দিহিঙীয়া ৷ আজি পুৱা স্বামী খগেশ্বৰ দিহিঙীয়াক দাৰে ঘপিয়াই হত্যা কৰে দেৱযানী দিহিঙীয়াই । পৰিয়ালৰ পৰা জানিব পৰা মতে মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল মহিলাগৰাকী । আজি পুৱাই স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী । তাৰ পিছতেই সংঘটিত হয় এই ভয়াৱহ ঘটনাটো ৷ ইতিমধ্যেই বৰবৰুৱা আৰক্ষীয়ে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগত ভৰ্তি কৰাইছে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.