ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্বকৰ্মা পূজা

By

Published : Sep 17, 2022, 10:57 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বিগত দুবছৰ ধৰি ক'ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজাৰ আনুষ্ঠিত হৈছে(Vishwakarma Puja in Assam)। বিশ্ব খনিকৰৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততা পৰিলক্ষিত হয় । বিভিন্ন স্থানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, কল-কাৰখানা আদিত বিশ্বকৰ্মা পূজাভাগ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড় প্ৰেছ ক্লাৱতো বিশ্ব খনিকৰৰ পূজাভাগ সম্পূৰ্ণ আধ্যাত্মিক (Vishwakarma Puja observed in Dibrugarh)পৰম্পৰা, ৰীতি-নীতিৰে পালন কৰা হয় । বৃহত্তৰ প্ৰেছ ক্লাৱৰ উদ্যোগত ডিব্ৰুগড় থানা চাৰিআলিস্থিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যালয়ত শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠত হয় । ব্ৰাহ্মণৰ মন্ত্ৰৰ ধ্বনিত প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এক সুন্দৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.