ডৱকাত বিকশিত ভাৰত সংকল্প যাত্ৰাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:21 PM IST

thumbnail

হোজাই, ১৭ ডিচেম্বৰ: হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনৰ ডৱকা গাঁও পঞ্চায়তত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আয়োজন কৰা হয় ।

এখন ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে চৰকাৰৰ গেৰান্টি আৰু বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত প্ৰজেক্টৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ডৱকাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰচাৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত অনুষ্ঠানত মীন,পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসৰ লগতে হোজাই জিলাৰ বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকল উপৰি চৰকাৰী হিতাধিকাৰী উপস্থিত থাকে ।

উল্লেখ্য় যে হোজাই জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ যোৱা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হয় । চৰকাৰে দেশবাসীৰবাবে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা আনিবৰ বাবে এখন ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আৰম্ভ কৰা হয় । ২২ নৱেম্বৰৰ পৰা ২৬ জানুৱাৰীলৈ হোজাইৰ ৫ টা ব্লক ৪ খন পৌৰ সভাৰ অন্তৰ্গত ৬৭ খন গাঁও পঞ্চায়ত এলেকাত এই বাহনখনে মোদী চৰকাৰৰ গেৰান্টি আৰু বিভিন্ন জনহিতকৰ আঁচনি সন্দৰ্ভত প্ৰজেক্টৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব ।

লগতে পঢ়ক:সংসদৰ নিৰাপত্তা ভংগৰ ঘটনা; ষষ্ঠ অভিযুক্ত মহেশ কুমাৱটক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.