Durga Puja 2023 : বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 8:11 PM IST

thumbnail

বাক্সা, ২৪ অক্টোবৰ: বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি সন্ধিয়া লক্ষাধিক লোকৰ উপস্থিতিত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা হয় ৷ ৰাৱণ দাহনত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ৰাৱণ বধৰ জৰিয়তে অপায় অমংগল বিনাশ হয় তাৰেই কামনা কৰা হয় ৷ ৰাৱণ দাহন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷  

সন্ধিয়া আতচবাজীৰ মাজেৰে দেৱীক মৰাপাগলাদিয়া নৈত বিসৰ্জনৰ পিছত দুষ্কৃতিৰ প্ৰতীক ৰাৱণৰ প্ৰতিকৃতি দাহ কৰা হয় । বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়া কন্দৰ্প শৰ্মা, ফুকন কলিতা, অজয় দাস আদি উপস্থিত থাকে ৷ 

৯০ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাত অগণন ভক্তৰ সমাৱেশ ঘটে । বাক্সা জিলাৰ বৰমাত ৯০ সংখ্যক বাৰোৱাৰী দুৰ্গা পূজাত সোমবাৰে নৱমীৰ দিনা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে ৷ 

লগতে পঢ়ক:Vijayadashami 2023 : ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি বিসৰ্জন দিব ভক্তগণে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.