বন্দুকৰ গুলীৰে বিয়া ঘৰত আদৰণি জনালে অভ্যাগতক, চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:18 PM IST

thumbnail

তেজপুৰ, 29 নৱেম্বৰ : তেজপুৰত চাঞ্চল্যকৰ ঘটনা ৷ হাতত উদ্যত আগ্নেয়াস্ত্ৰ লৈ বিয়া ঘৰত বন্দুকৰ গুলীৰে আদৰণি জনালে অভ্যাগতক ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপাত গাঁৱৰ এক বিবাহ অনুষ্ঠানত হাতত বন্দুক লৈ গুলী ফুটাই আনন্দ কৰি সামাজিক মাধ্যমত চৰ্চিত গীতো বৰা নামৰ লোকজন ৷

মঙলবাৰে নিশা হৈ যোৱা এক বিবাহ অনুষ্ঠানত এই লোকজনে বন্দুকৰ গুলী ফুটাই থকাৰ দৃশ্য ম’বাইলত আৱদ্ধ হয় আৰু সামাজিক মাধ্যমত এই ভিডিঅ’ বিজেপিৰ এজন নেতা, অসীম শইকীয়া নামৰ লোকজনে প্ৰচাৰ কৰে ৷ আনহাতে ভিডিঅ’টোত গীতো বৰাৰ লগত থকা কেইবাজনো লোকে এটা গুলী ফুটুৱাৰ পিছত পুনৰ এটা গুলী ফুটাবলৈ কোৱা দেখা গৈছে ৷ লগতে গীতো বৰাই বন্দুকত পুনৰ গুলী লোড কৰাৰ দৃশ্যও দেখা গৈছে ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত পংকজ বড়াই এক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে শোণিতপুৰ জিলাত এনেধৰণৰ চৰকাৰীভাবে অনুজ্ঞাপত্ৰ থকা প্ৰায় 1 হাজাৰ বন্দুক আছে ৷ পূৰ্বে প্ৰায় পঞ্চাশটা অনুজ্ঞাপত্ৰ থকা বন্দুকৰ অনুজ্ঞাপত্ৰ বাতিলো কৰিছে প্ৰশাসনে ৷ যিয়েও নহওক কিয় এই ঘটনাই শোণিতপুৰ জিলাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ 

লগতে পঢ়ক : ভূমি জালিয়াতি গোচৰত ৬ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.