Smuggled cattle seized: কলিয়াবৰৰ অন্তৰ্গত শালনা কালাপানীত গৰুভৰ্তি বাহন জব্দ

By

Published : Nov 4, 2022, 11:44 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

চোৰাংভাৱে সৰবৰাহ কৰা গৰুকে ধৰি ইয়াৰ লগত জড়িত বিভিন্ন বাহন দৈনিক আৰক্ষীৰ জালত পৰি অহাৰ পাছতো অসাধু চক্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত চলায়েই আহিছে পশুধনৰ সৰবৰাহ (Smuggling of livestock in Assam) ৷ শেহতীয়াকৈ নগাওঁ জিলাৰ কলিয়াবৰৰ অন্তৰ্গত শালনা কালাপানীত বৃহস্পতিবাৰে স্থানীয় লোকে পহৰা দি থকাৰ সময়তে আবদ্ধ কৰিলে চোৰাংভাৱে সৰবৰাহ কৰা এখন গৰুভৰ্তি ডি আই বাহন (AS 02 E 8761) ৷ মুঠ ৬ টাকৈ গো-ধন থকা বাহনখন দুটা সৰবৰাহকাৰীয়ে লাংখাংগৰ পৰা কাঠফালা বজাৰৰ দিশে লৈ গৈ আছিল ৷ স্থানীয় লোকসকলে বাহনখন আবদ্ধ কৰি সোধপোচ কৰাত পোহৰলৈ আছে বাহনখনত অবৈধভাৱে গো-ধন সৰবৰাহৰ তথ্য (Vehicle loaded with cattle seized) ৷ পৰৱৰ্তী সময়ত গৰুভৰ্তি বাহন আৰু সৰবৰাহকাৰীদুটাক স্থানীয় লোকসকলে শালনা আৰক্ষীক চমজাই দিয়ে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.