Protest in Manikpur: বিধ্বস্ত পথ মেৰামতিৰ দাবীত মাণিকপুৰত বিভিন্ন সংগঠনৰ প্ৰতিবাদ

By

Published : May 26, 2023, 5:29 PM IST

thumbnail

বঙাইগাঁও, 26 মে’: বঙাইগাঁও জিলাৰ মাণিকপুৰত পথ মেৰামতিৰ দাবীত বিভিন্ন সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ বঙাইগাওঁ জিলাৰ মাণিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চকিহালী লৈ পথ মেৰামতিৰ দাবীত আঞ্চলিক ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মাণিকপুৰ ই-ৰিক্সা সন্থাই শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest for Road Repairing at Manikpur) ৷ প্ৰতিবাদী কাৰ্যসূচীৰ শেষত মাণিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ পথ নিৰ্মাণৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই (Protest in Bongaigaon) ৷

প্ৰায় ছয় মাহ পূৰ্বেই বিভাগীয় কৰ্তৃপক্ষই এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছিল আৰু সেই মৰ্মে অভয়াপুৰীৰ ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰ জনে কামৰ আবন্টন পায় ৷ কিন্তু ঠিকাদাৰে আজি পৰ্যন্ত কাম আৰম্ভ কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ ইফালে ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক (Bad condition of road at Manikpur) ৷  

মাণিকপুৰৰ এই পথ নিৰ্মাণৰ কামক লৈ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ গাফিলতিক ৰাইজে সহজভাবে ল’ব পৰা নাই ৷ অতি সোনকালে ৰাস্তাৰ কাম আৰম্ভ নকৰিলে ইয়াতকৈও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে স্থানীয় সংগঠনৰ নেতৃবৃন্দই (Various Organization  Protest for Road Repairing) ৷ 

লগতে পঢ়ক: Anganwadi worker protest: বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মাজুলীত অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.