UPPL joining meeting in Musalpur: মুছলপুৰত ইউ পি পি এলৰ যোগদান সমাৰোহ

By

Published : Mar 5, 2023, 10:34 PM IST

thumbnail

বাক্সা, 5 মাৰ্চ: বাক্সা জিলাৰৰ মুছলপুৰত ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেলৰ (UPPL joining meeting at Baska) বিশাল যোগদান সমাৰোহৰ আয়োজন কৰা হয় । ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে ই এম ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত কেইবা সহস্ৰাধিক লোকে ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেলত যোগদান কৰে (MP Rangaura Narzary)। বাক্সা জিলাৰ বৰমাত কালি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত সহস্ৰধিক সদস্যৰে বিপিএফৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পিছতে দেওবাৰে মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত ইউপিপিএল দলে আয়োজন কৰে যোগদান কাৰ্যসূচীৰ ।  

বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মুছলপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত সৰ্বমুঠ ২৪৯৫ গৰাকী বিভিন্ন দল-সংগঠনৰ সদস্যই ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেল দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে । যোগদান কাৰ্যসূচীত অংশ লৈ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে বিপিএফৰ শাসনৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ কি বিলায়-বিপত্তি হৈছিল সেয়া পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন নাই । 

ইউপিপিএল দলে ৰাইজৰ সমস্যা বুজি ৰাইজৰ কাষত থিয় দিয়া বাবে ৰাইজ দলটোৰ পক্ষত নিজে নিজে আগুৱাই আহিছে বুলি তেওঁ কয় । আনহাতে, ইউ পি পি এলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে বিটিআৰ চৰকাৰে জনতাৰ হিতৰ বাবে প্ৰতি মূহুৰ্তত সাজু । সাধাৰণ ৰাইজৰ উন্নতিৰ হকে কাম কৰাৰ বাবে আগবাঢ়ি অহা বুলিও তেওঁ কয় ৷

লগতে পঢ়ক:Sexual Harresment case in Sivasagar : শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.