Dead body recovered : ৰহাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 1:42 PM IST

thumbnail

ৰহা, 19 অক্টোবৰ : কাতি বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতেই বুধবাৰে নিশা ৰহাত অঘটন সংঘটিত হয় । ৰহাৰ গড়মাৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিশা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । মাত্ৰ এটা হাফপেণ্ট পৰিধান কৰা যুৱকজনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে কেইজনমান পথচাৰীয়ে । লগে লগে স্থানীয় ৰাইজ আৰু পথচাৰীসকলে ৰহা আৰক্ষীক খবৰ দিয়ে । 

ঘটনাৰ খবৰ পোৱা কিছু সময়ৰ পাছতেই ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰে । বৰ্তমানেও মৃত যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে । এনেদৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Nagaon theft incident : কাতি বিহুৰ উলহ-মালহৰ মাজতে নগাঁৱৰ মাহৰুলত ঘৰত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.