Body recovered : ISBT ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:56 PM IST

thumbnail

গুৱাহাটী, 23 অক্টোবৰ: ৰাজ্যজুৰি দুৰ্গা পূজাৰ আনন্দ-উৎসৱ অব্যাহত থকাৰ মাজতেই মহানগৰীত চাঞ্চল্যকৰ ঘটনা । ISBT ৰ সমীপত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ । স্থানীয় লোকে জনোৱা অনুসৰি ISBT ৰ সমীপৰ বাথৌপুৰীৰ এটা ট্ৰেন্সফৰ্মাৰৰ তলত পৰি থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই । লগে লগে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক খবৰ দিয়ে । 

পিছত স্থানীয় ৰাইজে গড়চুক থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও এলেকাটো গড়চুক আৰক্ষীৰ অন্তৰ্গত নহয় বাবে ISBT Outpost ক খবৰ দিয়ে । বহু দেৰিৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ গৈ মৰণোত্তৰ পৰীক্ষাৰ বাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । পিন্ধনত নীলা চাৰ্ট আৰু লংপেন্ট পৰিহিত বৃদ্ধ বয়সৰ লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই । 

বৰ্তমানলৈ জানিব পৰা হোৱা নাই লোকজনৰ পৰিচয় তথা মৃত্যুৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক: Moran news : আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী, এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.