Encounter at Demow: ডিমৌত এনকাউন্টাৰ, আৰক্ষীৰ গুলীত গুলীবিদ্ধ আলফা স্বাধীনৰ লিংক মেন

By

Published : Aug 16, 2023, 10:06 AM IST

Updated : Aug 16, 2023, 11:21 AM IST

thumbnail

ডিমৌ, 16 আগষ্ট: ৰাজ্যত পুনৰ এনকাউন্টাৰ ৷ এইবাৰ ডিমৌত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ আলফাৰ লিংক মেনৰ সন্দেহত দুদিন পূৰ্বে আটক কৰা ৰাজু আহমেদলৈ লক্ষ্য কৰি ডিমৌ আৰক্ষীয়ে গুলীচালনা কৰে ৷ ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথত ৰাজু আহমেদলৈ গুলী কৰে আৰক্ষীয়ে । 

ঘটনাৰ সন্দৰ্ভত ডিমৌত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে আৰক্ষীৰ গুলীত  ৰাজু বাওঁ ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে বুলি জানিব পৰা গৈছে । বৰ্তমান ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ আছে ৰাজু আহমেদ । উল্লেখ্য যে, এনকাউণ্টাৰৰ পিচত ৰাজু আহমেদৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, বিধায়ক সুশান্ত বৰগোহাঁইক 20 লাখ টকা ধন দাবী কৰা পাত্ৰ লাভ কৰিছিল ৰাজু আহমেদৰ ঘৰত । অন্যহাতে এই কথা অস্বীকাৰ কৰিছে ৰাজু আহমেদৰ পিতৃয়ে । পিতৃৰ মতে আৰক্ষীৰ লোকে ধনদাবী পত্ৰখন নিজে আনি ৰাজু আহমেদৰ ঘৰত পেলাইছিল । 

আনহাতে, উজনি অসমত বিগত কেইবামাহ ধৰি আলফা স্বাধীনৰ গতিবিধি বৃদ্ধি পোৱা তথ্য আৰক্ষীয়ে লাভ কৰিছিল ৷ বিভিন্ন লোকক ধন দাবী কৰাৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাচতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আটক কৰিছিল কেইবাজনো সন্দেহযুক্ত আলফা স্বাধীনৰ লিংক মেনক ৷ 

লগতে পঢ়ক: Dhodar Ali Road : ধোদৰ আলিৰ দুৰৱস্থা; শংকিত নামতিবাসী

Last Updated : Aug 16, 2023, 11:21 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.