ETV Bharat / state

Dhodar Ali Road : ধোদৰ আলিৰ দুৰৱস্থা; শংকিত নামতিবাসী

author img

By

Published : Jul 29, 2023, 10:39 AM IST

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি ৷ ধোদৰ আলিৰ মাজভাগত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ এই বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে এতিয়া স্থানীয় লোকক ৷

Poor condition of Dhodar Ali Road at Amguri
বিধ্বস্ত ঐতিহাসি ধোদৰ আলি

বিধ্বস্ত ঐতিহাসি ধোদৰ আলি

আমগুৰি, ২৯ জুলাই : ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত ঐতিহাসিক ধোদৰ আলি বিধ্বস্ত হৈ উঠিছে । ফলত শিৱসাগৰ আৰু নাজিৰা লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত চামগুৰি ৰজামৈদামৰ পৰা নামতি চাৰিআলি পৰ্যন্ত পথটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈ উঠিছে ।

উল্লেখ্য যে, ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে ন-কচাৰীৰ পৰা বালিঘাট পৰ্যন্ত পথটো অসম মালাৰ আঁচনিৰ অধীনত সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানক চমজাই দিয়ে যদিও সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে পথটো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, এজাক বৰষুণতে পথটো বিধ্বস্ত হৈ একাঠু বোকা-পানীৰ সৃষ্টি হয় । সদাব্যস্ত পথটোত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

যোৱা ছমাহত পথটোত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুকেইজন লোক মৃত্যুমুখত পৰিছে । বিধ্বস্ত পথটোৰ সোঁ-মাজৰ অংশবিলাকত দ গাঁতৰ সৃষ্টি হোৱাত বৰষুণ দিলে পুখুৰীলৈ পৰ্যবেসিত হয় । পথটোৰ মেৰামতিৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগটোৱে হেমাহি কৰাৰ লগতে ন-কচাৰীৰ পৰা বালিঘাট পৰ্যন্ত পথটো অসম মালাৰ আঁচনিৰ অধীনত সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানক চমজাই দিয়াৰ সুবিধা লৈ গা এৰা মনোভাৱ দিয়া পৰিলক্ষিত হৈছে ।

স্মতব্য যে, কিছুদিন পূৰ্বে নামতি চাৰিআলিত অসমীয়া যুৱ মঞ্চই ধোদৰ আলি মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । জাতীয় সংগঠনটোৱে লোকনিৰ্মাণ বিভাগক ১৫ দিনৰ সময়সীমা বান্ধি দি পথটো মেৰামতি নকৰিলে পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছিল ।

জাতীয় সংগঠনটোৰ প্ৰতিবাদৰ অন্তত শিৱসাগৰ জিলা প্ৰশাসনৰ তৎপৰতাত লোকনিৰ্মাণ বিভাগটোৱে নামতি চাৰিআলিৰ মাজমজিয়াত কেৱল ৫০ মিটাৰ শিলগুটি পেলাই মেৰামতি কৰি দায়িত্ব সামৰিলে । সম্প্ৰতি পথটো যাতায়াতৰ সম্পূৰ্ণ অনুপযোগী হৈ উঠিছে ।

যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে । ফলত স্থানীয় লোকৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে । অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ।

লগতে পঢ়ক : 221 new Assam Rifles recruits: অসম ৰাইফলছত ৮১গৰাকী মহিলাসহ ২২১গৰাকীৰ শপতনামা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.