Two youths arrested: বিলাসীপাৰাত সজীৱ গুলী, পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:58 AM IST

thumbnail

বিলাসীপাৰা, ৩০ অক্টোবৰ: ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে সজীৱ গুলী, পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী সূত্রে জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বষয়া ড৹ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত এদল আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। এনেতে এ, এচ, ১৬/ডি, ৯৩৫৯ নম্বৰৰ পালচাৰ মটৰ চাইকেলৰে বিলাসীপাৰাৰ বেলতলীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত দুজন যুৱকক লগ পায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে মটৰ চাইকেলখন ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও যুৱকদ্বয়ে পলাবলৈ লয়। 

তাৰ পিচতে আৰক্ষীৰ দলটোৱে যুৱকদ্বয়ক খেদি খেদি নাথপাৰাৰ পৰা আটক কৰে। পিচত আৰক্ষীৰ দলটোৱে যুৱক দুজনৰ পৰা তিনি জাই সজীৱ গুলী, এটা খালী মেগজিন আৰু এটা ৭.৬৫ পিষ্টল আৰু মটৰ চাইকেলখন জব্দ কৰিবলৈ সক্ষম হয়। পিস্তলধাৰী দুৰ্বৃত্তদ্বয় ক্ৰমে ছফিকুল ইছলাম আৰু মতিউৰ ৰহমান বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷

ধৃত ছফিকুল ইছলামৰ ঘৰ বিলাসীপাৰাৰ হাকামাত আৰু মতিউৰ ৰহমানৰ ঘৰ চিৰাকুটা ২য় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে । সম্প্ৰতি দুৰ্বৃত্ত দুটাক অধিক তথ্যৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Cattle theft: গৌৰীসাগৰত বিলাসী বাহনসহ এটা গৰু চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.