Ganja Seized at Doboka: দুই সৰবৰাহকাৰীৰসহ ডবকাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:02 PM IST

thumbnail

হোজাই,28 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা ৷ এইবাৰ হোজাই জিলাৰ ডবকাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ডবকা আৰক্ষীয়ে ৷ গোপন সূত্ৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা হোজাইৰ ডবকাত আৰক্ষীয়ে অভিযান চলাই ৷ অভিযানত দুই সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ৷ 

জব্দকৃত গাঞ্জাখিনিৰ ওজন প্ৰায় 135 কিঃ গ্ৰাম ৷ বৃহৎ পৰিমাণৰ গাঞ্জাখিনি TR05F-1564 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰে ৷ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত নিশা প্ৰায় 12 বজাত ডবকাৰ টোলগেটত অভিযান চলোৱাৰ সময়তে বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰে ৷

আটকধীন দুই সৰৱৰাহকাৰী হৈছে ৰাকেশ দেৱনাথ আৰু মনোৰঞ্জন উৰিয়া বুলি জানিব পৰা গৈছে । দুয়োটাৰে ঘৰ ত্ৰিপুৰা আগৰতলাৰ ৰাণী বজাৰত বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক:Rape allegation: আলাউদ্দিন মিস্ত্ৰীক ফাঁচী দিয়াৰ দাবীত উত্তাল হোজাই থানা; ধৰ্ষণৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.