Road accident in Lakhimpur:বিলাসী বাহন সোমালগৈ পানৰ দোকানত

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:19 PM IST

thumbnail

লখিমপুৰ, ১২ অক্টোবৰ : বৃহস্পতিবাৰে পুৱাবেলা লখিমপুৰৰ লালুকত এক পথ দুৰ্ঘটনা সংঘটিত হয় । এখন বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছ আৰু বিদ্যুতৰ খুঁটাত খুন্দা মাৰি ধ্বংস কৰে এখন পান দোকান ৷ গছ, বিদ্যুতৰ খুঁটা আদি মহতিয়াই পানৰ দোকানখনো চুৰমাৰ কৰে বাহনখনে ৷

লখিমপুৰৰ লালুকত থকা বাছ আস্থানত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, লখিমপুৰৰ পৰা হাৰমতী অভিমুখে আহি থকা অৱস্থাত লালুক বাছ আস্থানত থকা এখন পান দোকানৰ ভিতৰত সোমাই যায় এখন বিলাসী বাহন । বাহনখনত থকা আৰোহী দুজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । বিলাসী বাহনখনে বাছ আস্থানত থকা বিদ্যুতৰ খুঁটা আৰু এজোপা প্ৰকাণ্ড গছ ভাঙি পান দোকানখনৰ ভিতৰলৈ সোমাই যায় । ফলত পান দোকানখন সম্পূৰ্ণৰূপে ভাঙি যায় । বৃহৎ পৰিমাণৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ নম্বৰ AR 01M3908 ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়ে মতে আৰোহী দুগৰাকী অৰুণাচল প্ৰদেশৰ বাসিন্দা । ঘটনাস্থালীত লালুক আৰক্ষী থানাৰ আৰক্ষীসকল উপস্থিত হৈ বাহনখন লালুক আৰক্ষী থানালৈ লৈ যায় ।

লগতে পঢ়ক : Titabor road accident:সুৰাৰ ৰাগীত খুন্দিয়ালে বিদ্যুৎ পৰিৱাহী খুঁটাত, আহত তিনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.