Road Accident: মুকালমুৱাত মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ, সংকটজনক-২

By

Published : Mar 12, 2023, 10:08 PM IST

thumbnail

নলবাৰী, ১২ মাৰ্চ : নলবাৰীৰ মুকালমুৱাত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident at Mukalmua) ৷ হাজো-দৌলাশাল-গুৱাহাটী পথৰ মুকালমুৱা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুখন মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এজন বাইক আৰোহী আৰু এজন পথচাৰী গুৰুতৰভাৱে আহত হয় । আহত দুচকীয়া বাহনৰ আৰোহীজনৰ নাম মুজাহিদুল ইছলাম (২৭) আৰু পথচাৰীজনৰ নাম চাইদুল আলী(১৭) বুলি জানিব পৰা গৈছে (Two Injured in Road Accident) । 

আহত দুয়োজনকে স্থানীয় লোকে উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও দুয়োজনৰে অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত দুৰ্ঘটনাত পতিত হোৱা আন দুচকীয়া বাহনৰ আৰোহীজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা  দুচকীয়া বাহন দুখনৰ নম্বৰ AS 01 BL 1242 আৰু AS 01 EW 2887 ৷

লগতে পঢ়ক: Illegal Timber seized at Kaliabor:কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.