Cyber criminal Arrested at Moirabari: মৈৰাবাৰীৰ পৰা দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:27 PM IST

thumbnail

মৰিগাঁও, 9 নৱেম্বৰ : চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰ্যবসিত হৈছে নেকি মৰিগাঁৱৰ বিভিন্ন অঞ্চল ! কাৰণ জিলাখনৰ বিভিন্ন স্থানৰ পৰা ইজনৰ পাচত সিজনকৈ প্ৰায় 100ৰো অধিক চাইবাৰ অপৰাধীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মৈৰাবাৰীত আৰক্ষীয়ে অভিযান চলাই দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ সহযোগত উক্ত স্থানত চলাইছিল অভিযান ৷ গ্ৰেপ্তাৰ কৰা দুই চাইবাৰ অপৰাধী মৈৰাবাৰী তাঁতিকটা পথাৰৰ এহিয়া আহমেদ আৰু লেৰুৱামুখ ভলগুৰিৰ আঞ্জাৰুল হক বুলি জানিব পৰা গৈছে ৷

এই সন্দৰ্ভত মৰিগাঁৱৰ সহকাৰী আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, মুম্বাইৰ আৰক্ষীৰ চাইবাৰ গোচৰ  95/23 US 419 / 420/ 467 / 471 IPC আৰু R/W Sec. 66(C) /66(D) IT আইনৰ অধীনত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে দুই অপৰাধীক ৷

লগতে পঢ়ক:ASSU’s 18th Central Conference; প্ৰতিনিধি সভাই যাক যি দায়িত্ব প্ৰদান কৰে সেয়া আমি পালন কৰিবলৈ সাজু : শংকৰ জ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.