চৰকাৰী চিকিৎসালয়ত খোপনি পুতিছে দালাল, ধুবুৰীত দুই মহিলা দালালক আটক - Two brokers detained at Dhubri medical

🎬 Watch Now: Feature Video

thumbnail
চৰকাৰী চিকিৎসালয়ত খোপনি পুতিছে দালালে (undefined)

By ETV Bharat Assamese Team

Published : December 5, 2023 at 7:32 AM IST

Choose ETV Bharat

ধুবুৰী, 5 ডিচেম্বৰ : তেজৰ দালাল, ৰোগীৰ আত্মীয়ক বিপথে পৰিচালিত কৰা বা ভাল চিকিৎসা প্ৰদানৰ কৰা হয় বুলি ৰোগীক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা একাংশ দালালে খোপনি পুতিছে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ৷ তেনে দালালৰ বিৰুদ্ধে সোমবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অভিযান চলায় চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ চিকিৎসা মহাবিদ্যালয়ৰখনৰ অধ্যক্ষা অংকুমণি শইকীয়াৰ নেতৃত্বত চলা অভিযানত দুগৰাকীকৈ মহিলা দালালক আটক কৰা হয় ৷

অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা চিকিৎসালয়লৈ অহা দুখীয়া ৰোগীসকলক বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যক্তিগত লেবৰেটৰী বা ডায়গনেষ্টিক চেন্টাৰলৈ নিছিল দুই মহিলাই ৷ সেই অভিযোগৰ ভিত্তিত সোমবাৰে চিকিৎসা মহাবিদ্যালয়খনত অভিযান চলোৱা হয় ৷ উল্লেখ্য যে, পূৰ্বেও অভিযান চলাই কেইবাজনো তেনে দালালক আটক কৰিছিল চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ কিন্তু বাৰে বাৰে চৰকাৰী চিকিৎসালয়খনত দেখিবলৈ পোৱা গৈছে তেনে দালাল ৷

আনহাতে, এনে দালালৰ পৰা বাচি থাকিবলৈ ৰাইজক আহ্বান জনায় চিকিৎসা মহাবিদ্যালয়ৰখনৰ অধ্যক্ষাগৰাকীয়ে ৷

লগতে পঢ়ক : 'ফ্ৰী পেলেষ্টাইন'ৰ পতাকা লগাই আৰক্ষীৰ জালত এজন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details