'ফ্ৰী পেলেষ্টাইন'ৰ পতাকা লগাই আৰক্ষীৰ জালত এজন

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:43 PM IST

thumbnail

ধুবুৰী, 29 নৱেম্বৰ : এইবাৰ ধুবুৰীত এখন গাড়ীত 'ফ্ৰী পেলেষ্টাইন'ৰ পতাকা লগাই আৰক্ষীৰ জালত পৰিল এজন ব্যক্তি ৷ গাড়ীৰ সন্মুখত পেলেষ্টাইনৰ পতাকা লগাই ধুবুৰী চহৰত ঘূৰিছিল ব্যক্তিজন ৷ পতাকাৰ তলত লিখা আছিল 'ফ্ৰী পেলেষ্টাইন' ৷ ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰিছে ৷  

জব্দ কৰা এল্ট বাহন খনৰ নম্বৰ AS 01 BZ 0180 ৷ ব্যক্তিগৰাকীক ধুবুৰীৰ 1 নং ৱাৰ্ডৰ শুল্ক বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰে ৷ আটক হোৱা ব্যক্তি গৰাকীৰ নাম আছিফ জামান আৰু তেওঁৰ ঘৰ  ধুবুৰীৰ চাপৰত বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সদৰ থানাত আটকাধীন ব্যক্তিগৰাকীক সোধা-পোচা অব্যাহত ৰাখিছে ৷ কিন্তু পেলেষ্টাইন আৰু ইজৰাইলৰ সংঘাটৰ সময়ত কি কাৰণত বা কি উদ্দেশ্যত লোকজনে এই কাণ্ড সংঘটিত কৰিলে সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক : স্বাধীন অসমৰ সপোন পৰিহাৰ কৰি মূলসূঁতিলৈ চাৰি আলফা (স্বা) সদস্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.