Road Accident: কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন আহত

By

Published : Jan 5, 2023, 7:11 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কলগাছিয়াৰ বিলৰটাৰী গাঁৱত বুধবাৰে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident at Kalgachia)৷ এই দুৰ্ঘটনাত দুজনকৈ লোক গুৰুত্বৰভাৱে আহত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি দেওকুৰাৰ পৰা লাচাংগা অভিমুখে গৈ থকা AS15 V 3390 নম্বৰৰ এখন হিৰ’ গ্লেমাৰ আৰু লাচাংগাৰ পৰা কলগাছিয়াৰ মুহিয়া অভিমুখে আহি থকা AS15 R 9879 নম্বৰৰ আন এখন হিৰ’ গ্লেমাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Two bikes collided head-on) ৷ দুৰ্ঘটনাটোত আহত লোক দুজন ডেগাৰৱৰী গাঁৱৰ ফৰিদুল ইছলাম আৰু আনজন মুহিয়া গাঁৱৰ শ্বাহা আলী (Two injured in road accident)৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত লোক দুজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় (Barpeta Civil hospital)৷ বৰ্তমান ফৰিদুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.