Two arrested in in Darrang: বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ দুজন

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:19 PM IST

thumbnail

দৰং,২৮ ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে দৰং জিলাৰ ধূলা আৰক্ষীয়ে বুধবাৰে নিশা দুজন ব্যক্তিক বাল্য বিবাহ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে বিগত ৮ মাহ পূৰ্বে ধূলা আৰক্ষী থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ জৈনুদ্দিনৰ ১৯ বছৰীয়া পুত্ৰ আবিদূৰ ৰহমানৰ সৈতে ২ নং থেকেৰাবাৰী গাঁৱৰ ৰফিকুল ইছলামৰ ১৫ বছৰীয়া নাবালিকা কন্যাৰ বিবাহ সম্পন্ন হৈছিল ।  

বাল্য বিবাহ সম্পন্ন কৰি দুয়োপক্ষই ঘটনাটো গোপনে ৰাখিব বিচাৰিছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল ঘটনাৰ সবিশেষ তথ্য । দৰাৰ ঘৰত অনুষ্ঠিত হোৱা বিয়াখনত গাঁৱৰ বহু লোক উপস্থিত আছিল বুলি জানিব পৰা গৈছে । অৱশেষত বুধবাৰে নিশা আৰক্ষীয়ে ন-কইনাৰ পিতৃ ৰফিকুল ইছলামৰ লগতে বিয়াত উপস্থিত থকা থেকেৰাবাৰী গাঁৱৰ মোজাফৰ আলীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে মঙলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে দৰাসহ দৰা ঘৰৰ পৰিয়ালৰ বহু লোক বৰ্তমানো পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Assam BJP: লুৰীণজ্যোতি গগৈৰ পৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা লাগে ৰাজ্যিক বিজেপিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.