কপিল ছিবালক অসমীয়াৰ ওচৰত ক্ষমা খোজাৰ দাবী ৰিপুন বৰাৰ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 6:58 PM IST

thumbnail

বৰপেটা, 10 ডিচেম্বৰ: দেওবাৰে বৰপেটা প্ৰেছ ক্লাবত তৃণমূল কংগ্ৰেছৰ কৰ্মীসভা অনুষ্ঠিত কৰা হয় ৷ এই কৰ্মীসভাত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা । সভাৰ পিচতে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ৰিপুন বৰাই কয়, "আমি 4 ৰ পৰা 5 খন আসন বিচাৰিছো ৷ উৰ্ধতন কৰ্তৃপক্ষই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ AIUDF হৈছে বিজেপিৰ B টীম ৷ আমাৰ যুদ্ধখনেই হৈছে বিজেপিৰ বিৰুদ্ধে ৷ গতিকে AIUDF ক লোৱাৰ কথা আহিবই নোৱাৰে ৷ ৰাজ্যত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ইতিমধ্যে উৰ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ৷" 

ইয়াৰ লগতে কপিল ছিবালৰ মন্তব্য গৰিহণাৰ যোগ্য বুলি বৰাই কয় যে, ম্যানমাৰৰ অধীনত অসম কাহানিও নাছিল ৷ অসম এখন সাৰ্বভৌম দেশ আছিল ৷ অসমত ব্ৰিটিছে শাসন কৰাৰ আগলৈকে আমাৰ ৰাজ্যখনত বিভিন্ন ৰজাৰ শাসন চলিছিল ৷ বিভিন্ন ৰজাই ইয়াত স্বতন্ত্ৰভাৱে ৰাজত্ব কৰিছিল ৷ কপিল ছিবালে অসমবাসীক ক্ষমা খুজিব লাগে বুলি তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মত পোষণ কৰে ৷

লগতে পঢ়ক: পশ্চিম বিলাসীপাৰাত সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.