পঞ্চ শ্বহীদলৈ আছুৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:21 AM IST

thumbnail

ডিব্ৰুগড়, 13 ডিচেম্বৰ:  2019 চনৰ 12 ডিচেম্বৰৰ দিনটোতে CAA আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ শ্বহীদ হৈছিল পাঁচজনকৈ অসমীয়া যুৱক । কা আন্দোলনত শ্বহীদ হোৱা দ্বীপাঞ্জল দাস, দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়কক 12 ডিচেম্বৰ অৰ্থাৎ মংগলবাৰে ৰাজ্যৰ বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জনাইছে । CAA আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদৰ প্ৰতি ডিব্ৰুগড়ত কেইবাটাও স্থানত আছুৱে জনালে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । 

দুলীয়াজান, টিংখাং, ৰাজগড়, নাহৰকটীয়া আৰু ডিব্ৰুগড়ৰ সদৰত আছুৰ উদ্যোগত অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । পঞ্চ শ্বহীদৰ ত্যাগ কেতিয়াও অসমীয়া ৰাইজে পাহৰিব নোৱাৰে বুলি কয় আছু নেতৃত্বই । পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শ্বহীদ বেদীৰ পৰাই ছাত্ৰ সন্থাৰ হুংকাৰ কোনো কাৰণতে CAA মানি লোৱা নহ’ব বুলি । যদি চৰকাৰে জোৰ কৰি কা অসমত জাপি দিব বিচাৰে, চৰকাৰে দমনমূলক নীতি আৰম্ভ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই তাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি কয় ডিব্ৰুগড় আছু নেতৃত্বই । 

লগতে পঢ়ক: কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত আত্ম বলিদান দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.