ছুইফ্ট বাহন আৰু অট’ৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 11:02 AM IST

thumbnail

হোজাই, 17 নৱেম্বৰ : হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে নিশা এখন ছুইফ্ট আৰু অট’ৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৯ জনকৈ যাত্ৰী ৷ লগতে এজন যাত্ৰী থিতাতে নিহত হয় । এই দুৰ্ঘটনাত ছুইফ্ট বাহনখন ভাঙি চুৰমাৰ হৈ যায় ৷

এই দুৰ্ঘটনা পৰিলক্ষিত কৰি স্থানীয় লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচত আৰু স্থানীয় লোকৰ সহযোগত আহত লোককেইজনক উদ্ধাৰ কৰি হোজাইৰ হাম হাস্পতালত ভৰ্তি কৰে । বৰ্তমান লৈকে নিহত লোকজনৰ পৰিচয় জানিবলৈ পৰা হোৱা নাই ৷

আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: বাকী নিদিয়াৰ বাবেই দোকানীক মাৰপিট উদণ্ড যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.