Karimganj race case: কৰিমগঞ্জত কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনা; ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:29 PM IST

thumbnail

কৰিমগঞ্জ, 10 আগষ্ট : কৰিমগঞ্জ চহৰৰ সমীপৱৰ্তী এলেকাত কিশোৰীৰ ৰহস্যজনক মৃত্যু ৷ দেওবাৰে পুৱা উলংগ অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰি দুৰ্বৃত্তই হত্যা কৰিছে ৷ কাৰণ চাৰি-পাঁচ দিনৰপৰা ঘৰত নাছিল মৃত কিশোৰী গৰাকাৰী পিতৃ-মাতৃ ৷ সেয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰি হত্যা কৰিলে দুৰ্বৃত্তই ৷  ইফালে পুৱাৰ ভাগত  মৃত কিশোৰীগৰাকীৰ তিনি ভগ্নীয়ে হঠাৎ চিঞৰ-বাখৰ কৰাত স্থানীয়লোক উপস্থিত হয় আৰু উলংগ অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷  

পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ সেই খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত এটা দলৰ  উপস্থিত হৈ ঘটনাস্থলীত ৷ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

লগতে পঢ়ক:CM Sarma visit Barak Valley: ব্যতিক্ৰমী সক্ষম ব্যক্তিক দেখি কোলাত তুলি ল’লে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.