গোনা ম'হৰ যুঁজত কঁপিল পাঠৰি পথাৰ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:47 PM IST

thumbnail

হোজাই,১৭ জানুৱাৰী: চৌদিশে ভোগালী বিহুৰ ব্য়াপক উচাহ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি । ন্যায়ালয়ৰ নিষেধাজ্ঞা শিথিল হোৱাৰ পাছতে বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ম'হ যুঁজ প্ৰতিযোগিতা । বুধবাৰে হোজাই জিলাৰ কাকী পাঠৰি পথাৰত পৰম্পৰা অনুসৰি অনুস্থিত হয় ম'হ যুঁজ প্ৰতিযোগিতা । উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি উক্ত ম'হ যুঁজত বৰ্তমানলৈকে বৃহত্তৰ কাকী অঞ্চলৰ ১২ যোৰ ম'হে অংশগ্রহণ কৰে । 

উক্ত ১২ যোৰ ম'হৰ ভিতৰত বিজয়ী ম'হ জোৰক চলন্ত ছীল আৰু মাননি প্ৰদান কৰা হ'ব । উল্লেখ যে, পূৰ্বে বহু বছৰ বছৰ ধৰি মাঘ বিহুত উক্ত স্থানত ম'হ যুঁজৰ প্ৰতিযোগিতা চলি আছিল যদিও ন্যায়লয়ৰ নিৰ্দেশনাৰ পিছত বহু বছৰ ধৰি বন্ধ হৈ আছিল । পিছত ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই বছৰৰ পৰা পুনৰ নতুন উদ্যমেৰে ম'হ যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । 

লগতে পঢ়ক: পৰশুৰামকুণ্ডত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.