জনিয়াৰ বগুলামাৰীত ৫ দিনীয়াকৈ আৰম্ভ বানিজ্য মেলা

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 6:50 AM IST

Updated : Dec 22, 2023, 7:41 AM IST

thumbnail

জনিয়া, ২২ ডিচেম্বৰ : বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ বগুলামাৰীত বাণিজ্য মেলা আৰম্ভ । বৃহস্পতিবাৰে এই বাণিজ্য় মেলা শুভ উদ্বোধন কৰে তিতপনি সমবায় সমিতিৰ সভাপতি আব্দুল হামিদে । এই মেলা উদ্বোধন কৰি তেওঁ কয় যে বাণিজ্য মেলাৰ উদ্দেশ্য গ্ৰামাঞ্চলত লুকাই থকা প্ৰতিভা প্ৰকাশ আৰু সমাজত প্ৰচলিত অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা । বাণিজ্য মেলাত সা-সামগ্ৰী কম মূল্যত ক্ৰয় কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে ।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বগুলামাৰীত বি এল চি যুৱ সমাজৰ উদ্যোগত ২১ ডিচেম্বৰ ৰ পৰা ৫ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাণিজ্য আৰু আনন্দ মেলা । শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা বিজেপি এছ চি মৰ্চাৰ সাধাৰণ সম্পাদক বাদল আৰ্য । এই ৫ দিনীয়া বানিজ্য মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে ।

লগতে পঢ়ক:অধিবক্তাক হেণ্ডকাফ লগাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত অসম আৰক্ষী; পাঁচ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ

Last Updated : Dec 22, 2023, 7:41 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.