Tirobhava Tithi of Madhabdev:ঢেকীয়াখোৱা বৰনামঘৰত অগণন ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:49 PM IST

thumbnail

টীয়ক, 4 ছেপ্টেম্বৰ : ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সোমবাৰে পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে লক্ষাধিক ভক্তই আশীষ ল’লে মহাপুৰুষ জনাই নিজে হাতেৰে জ্বলোৱা অক্ষয় বন্তিৰ ৷ আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি । মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষজনাৰ তিথি । পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে হাতে হাতে ধূপ চাকি শৰাই নৈবদ্য লৈ বৰনামঘৰৰ প্ৰাংগণত ভিৰ কৰি অক্ষয় বন্তিৰ সেৱা লোৱা পৰিলক্ষিত হৈছে ।

ইপিনে নামঘৰতো পুৱা উষা কীৰ্ত্তন, প্ৰসংগৰ পাচতে দিহানাম, বৰগীত আদি পৰিৱেশন কৰা হয় ৷ পাচলৈ দুপৰভাগত মূল নাম আৰম্ভ কৰা হয় । উক্ত ভাদমহীয়া নামত আজিৰ এই বিশেষ দিনটোত দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত কৰিছে সমগ্ৰ পৰিৱেশ । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্ত প্ৰাণ ভকত বৈষ্ণৱে নাম প্ৰসংগত ভাগ লৈ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ হৰি নাম লৈছে । ঢেকীয়াখোৱা নামঘৰৰ মূল নামৰ পৰিৱেশ লৈ আমাৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো-

লগতে পঢ়ক : Tirobhava Tithi of madhabdev:জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.