AASU Bihu 2023 : তিনিচুকীয়াত আয়োজন আছুৰ কেন্দ্ৰীয় মুকলি বিহু

By

Published : Apr 15, 2023, 7:26 PM IST

thumbnail

তিনিচুকীয়া, ১৫ এপ্ৰিল : আজি ব’হাগৰ প্ৰথমটো দিন (Frist day of Bohag) ৷ ৰঙাসীৰ ৰঙত মতলীয়া হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহুৰ বিভিন্ন কাৰ্যসূচী ৷ বিগত বৰ্ষসমূহৰ লেখীয়াকৈ এইবাৰো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আয়োজন কৰে মুকলি বিহু (Tinsukia AASU celebrates Rangali Bihu) ৷

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লগতে তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত আয়োজন কৰা কাৰ্যসূচীত বিহুৰ পতাকা উত্তোলন কৰে তিনিচুকীয়াৰ সমাজকৰ্মী প্ৰাঞ্জল মহনে ৷ ছাত্ৰ সন্থাৰ সদস্যসকলে ভকত গোপিনীসকলৰ পৰা আশীৰ্বাদ লোৱাৰ পিচতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখপত্ৰ গতি উন্মোচন আৰু মুকলি বিহুৰ শুভাৰম্ভ কৰে ৷

লগতে পঢ়ক : AASU Bihu in Guwahati: গুৱাহাটীত আছুৰ মুকলি বিহু; ৰাজ্যৰ কৃতি ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

জিলাখনৰ ২৮ টাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰাৰ পাচতে মাষ্টাৰ চেফ্ জয়ী তিনিচুকীয়া গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷ কাকপথাৰ উবন গাঁৱৰ মৰাণ জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সাধক জিতু গোস্বামীক শিল্পীপ্ৰাণ বঁটাৰে সম্বৰ্ধিত কৰে ৷

শেষৰ কাৰ্যসূচী হিচাপে তেজপুৰীয়া থেচপিয়ান দলৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী নিলাভ নীতা, দিগন্ত গোঁহাই আৰু বৰ্ষনা চেতিয়াই সংগীতানুষ্ঠান পৰিৱেশন কৰে ৷

লগতে পঢ়ক : Rang Ghar Bihu: পহিলা ব'হাগত ঢোল পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.