ETV Bharat / state

AASU Bihu in Guwahati: গুৱাহাটীত আছুৰ মুকলি বিহু; ৰাজ্যৰ কৃতি ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

author img

By

Published : Apr 14, 2023, 9:57 PM IST

আজি ব’হাগৰ দোমাহী ৷ পৰ্বৰ দৰে জৰ্জ খেলপথাৰত আয়োজন আছুৰ মুকলি বিহুৰ অনুষ্ঠান (AASU celebrates Rangali Bihu in Guwahati) ৷ এই অনুষ্ঠানতে আছুৱে সম্বৰ্ধনা জনায় ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক (AASU felicitation program) ৷ যিয়ে বছৰটোত ৰাজ্যলৈ নিজৰ অৱদানেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

AASU Bihu in Guwahati
আছুৰ মুকলি বিহুৰ অনুষ্ঠান

আছুৰ মুকলি বিহুৰ অনুষ্ঠান

গুৱাহাটী, ১৪ এপ্ৰিল: গুৱাহাটীৰ ঐতিহাসিক জৰ্জ খেলপথাৰত আজি গৰু বিহুৰ দিনা পূৰ্বৱৰ্তী বছৰবোৰৰ দৰেই অনুষ্ঠিত কৰা হ’ল আছুৰ মুকলি বিহু অনুষ্ঠান (AASU celebrates Rangali Bihu in Guwahati) ৷ ৰাজ্যৰ বহু গণ্য-মান্য ব্যক্তিৰ লগতে বিহুবলীয়া বহু ৰাইজৰ উপস্থিতিৰে আজি লোকাৰণ্য হৈ পৰে জৰ্জ খেলপথাৰৰ বাকৰি ৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই মুকলি বিহু অনুষ্ঠানত বহু কেইগৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (AASU felicitation program)৷

বিহু আৰু ঢোল-পেঁপাৰ শব্দৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টিৰ প্ৰদৰ্শনেৰে উজ্জিৱীত হৈ পৰে আছুৰ মুকলি বিহুথলী ৷ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিচত “শ্ৰীময়ী অসমীৰ বুকুত উচবৰ মধু আলোড়ন ৷” সমবেত সংগীতটি পৰিৱেশন কৰে সন্দিকৈ কলেজৰ ছাত্ৰীসকলে ৷

দুলীয়াজানৰ বৰদৈচিলা হুঁচৰি দলৰ বিহুৰে আৰম্ভ হয় আছুৰ এই মুকলি বিহুৰ অনুষ্ঠান (Rangali Bihu 2023) ৷ লগতে পৰিৱেশন কৰা হয় লোহাৰঘাটৰ বগেজাৰী কালচাৰেল ইউনিটৰ বগেজাৰী বা বহুৰাঙী নৃত্য । প্ৰতিবাৰৰ দৰে এইবছৰো এই মুকলি বিহু অনুষ্ঠানতে বছৰটোত ৰাজ্যলৈ নিজৰ অৱদানেৰে সুনাম কঢ়িয়াই অনা বহু কেইগৰাকী নিৰ্বাচিত বিশিষ্ট ব্যক্তিক সন্মানিতও কৰা হয় । নিৰ্বাচিত এই বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা আগবঢ়ায় আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

আছুৱে সম্বৰ্ধনা জনোৱা ব্যক্তিসকল হ’ল -

পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়া,

মুখাশিল্পী তথা পদ্মশ্ৰী বঁটা প্ৰাপক হেমচন্দ্ৰ গোস্বামী,

সাহিত্য অকাডেমী বঁটা প্ৰাপক ৰশ্মি চৌধুৰী,

সাহিত্য অকাডেমী বঁটা প্ৰাপক খৰ্গ বাহাদুৰ নেপালী,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক পৰী হিলৈদাৰী,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক ইন্দিৰা বড়ো,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক ডঃ সঞ্জীৱ উপাধ্যায়,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক ড৹ জুৰি দত্ত,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক ৰাজা দেৱজিৎ বসুমতাৰী,

সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক পূৰ্ণ কুমাৰ শৰ্মা,

সাহিত্য অকাডেমী ভাষা সন্মান বঁটা প্ৰাপক সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী,

সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক প্ৰদ্যুম্ন কুমাৰ গগৈ,

সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্ৰাপক দিগন্ত ওজা,

সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্ৰাপক দেওবাৰ ৰামচিয়াৰী,

সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক অলংবাৰ মুছাহাৰী,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জুমণি শ‍ইকীয়া,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক অবিনাশ শর্মা,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰাঞ্জল শইকীয়া,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুণীন্দ্ৰনাথ গুজা,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰসন্ন গগৈ,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰভাত কাকতি,

খান বঁটা প্ৰাপক ওস্তাদ বিছমিল্লা,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক হিমাংশু শর্মা,

খান বঁটা প্ৰাপক গুস্তান বিছ মিয়া,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জলিমণি শ‍ইকীয়া,

খান বঁটা প্ৰাপক ওস্তাদ বিছমিল্লা,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক দীপজ্যোতি দাস,

খান বঁটা প্ৰাপক ওস্তাদ বিছমিল্লা,

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক দীপাংকৰ আৰন্ধৰা,

খান বঁটা প্ৰাপক ওস্তাদ বিছমিল্লা,

সংগীত নাটক অকাডেমী অমৃত বঁটা প্ৰাপক হৰি বৰা বৰবায়ন,

সংগীত নাটক অকাডেমী অমৃত বঁটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজা,

সংগীত নাটক অকাডেমী অমৃত বঁটা প্ৰাপক গুৰু প্ৰসাদ ওজা,

সংগীত নাটক অকাডেমী অমৃত বঁটা প্ৰাপক মিনতি বাউণ্ড,

সংগীত নাটক অকাডেমী অমৃত বঁটা প্ৰাপক মাখন চন্দ্ৰ বৰা,

ৰজত কমল বঁটা প্ৰাপক সবিতা দেৱী,

ৰজত কমল বঁটা প্ৰাপক আইমী বৰুৱা,

ৰজত কমল বঁটা প্ৰাপক কৃপাল কলিতা,

ৰজত কমল বঁটা প্ৰাপক দ্বীপ ভূঞা,

ৰজত কমল বঁটা প্ৰাপক মালা বৰুৱা ৷

লগতে পঢ়ক : Assamese Bihu traditions: ৰঙালী বিহুত খোৱা এশ এবিধ শাকৰ ঔষধি গুণাগুণৰ কথা কেতিয়াবা ভাবি চাইছেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.