বাইহাটা চাৰিআলিত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

By

Published : Aug 18, 2022, 1:37 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখতে ৰাজ্যৰ মাজেৰে প্ৰতিদিনে বহিঃৰাজ্যলৈ কাঠৰ চোৰাং সৰবৰাহ হৈ আছে । অৱশ্যে ঠায়ে ঠায়ে বন বিভাগ আৰু আৰক্ষীৰ অভিযানত জব্দও হৈ আহিছে চোৰাং কাঠ । এইবাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ সফল অভিযান । বাইহাটা আৰক্ষীৰ তালাচীৰ মাজতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ (Baihata Chariali Police seized smuggled timber)। AS-01-NC-8013 নম্বৰৰ কাঠ ভৰ্তি এখন ষোল্ল চকীয়া ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে কাঠখিনি ভাস্কৰ বৰা নামৰ এজন লোকৰ নেতৃত্বত অৰুণাচলৰ পৰা অনা হৈছিল । ভুৱা কাগজ পত্ৰৰে বন বিভাগক মেনেজ কৰি কাঠখিনি সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে বাইহাটা আৰক্ষীয়ে ট্ৰাকৰ চালক আৰু কৰ্মচাৰীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.