দ খাৱৈত বাগৰিল মহিন্দ্ৰা বাহন, 3 গৰাকীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:19 AM IST

Updated : Jan 12, 2024, 10:28 AM IST

thumbnail

কলিয়াবৰ, 12 জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰৰ ৰৌমাৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই পথ দুৰ্ঘটনাত একেখন গাঁৱৰে তিনিজন যুৱকৰ মৃত্যু হৈছে ৷ দুজন যুৱকৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আনজনৰ চিকিৎসালয়ত মৃত্যু হৈছে ৷ 

শুকুৰবাৰে নিশা কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰীত AS 12 J 6909 নম্বৰৰ মহিন্দ্ৰা ৱেৰিটো (Mahindra VARITO) বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই চাৰিলেনযুক্ত পথৰ পৰা দ খাৱৈত বাগৰি পৰে । ফলত দুৰ্ঘটনাস্থলীতে মৃত্যু হয় অৰ্জুন তাঁতী, অমৃত বিশ্বাস ওৰফে চানু নামৰ যুৱক দুজনৰ । ইফালে আন এজন যুৱক ৰাহুল বিশ্বাসক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আধাবাটতে মৃত্যুক সাৱটি লয় ৷

ঘন কুঁৱলীৰ বাবে কলিয়াবৰ দিশৰ পৰা নগাঁৱৰ দিশে আহি থকা অৱস্থাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে ৷ মৃত যুৱককেইজনৰ ঘৰ নগাঁৱৰ মিছামুখত বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

Last Updated : Jan 12, 2024, 10:28 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.