কলগাছিয়াত বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনিজন

By

Published : Oct 8, 2022, 7:02 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

কলগাছিয়াৰ শওপুৰত শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Kalgachia)৷ দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত তিনিগৰাকীকৈ আৰোহী গুৰুত্বৰভাৱে আহত হয় (3 injures in road accident)৷ আহত হোৱা বাইক আৰোহী তিনিগৰাকী ক্ৰমে হাউলিৰ ৰেজাউল খান, ৰুবিনা ইয়াছমিন আৰু কলগাছিয়াৰ ছানিদুল ইছলাম ৷ জানিব পৰা মতে, বৰপেটাৰ হাউলীৰ পৰা চাৰিগৰাকী যুৱক-যুৱতীয়ে দুখন বাইকত নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত শওপুৰত বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ লগত হোৱা মুখামুখি সংঘৰ্ষত বাইকত থকা এগৰাকী যুৱতীকে ধৰি তিনিগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় (Bike accident in Barpeta)৷ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত আহতকেইগৰাকীক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইয়াৰে এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.