Executive Meeting of asom sahitya sabha: অসম সাহিত্য সভাৰ তিনি স্থায়ী সদস্যৰ সদস্যপদ খাৰিজ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:55 AM IST

thumbnail

তিনিচুকীয়া, ৪ অক্টোবৰ: অসম সাহিত্য সভাৰ সভাৰ স্থায়ী সদস্য কনকচন্দ্ৰ বৰা, বিপুল দেউৰী আৰু অৱনীমোহন চহৰীয়াৰ সদস্য পদ খাৰিজ অসম সাহিত্য সভাৰ ৷ সভাক অৱগত নকৰাকৈ আইনৰ দ্বাৰস্থ হোৱাৰ বাবে তিনিওগৰাকীৰে সদস্যপদ খাৰিজ কৰিছে সভাই ৷ ইয়াৰ লগতে তিনিওগৰাকীক সভাৰ কামৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই ৰখাৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ ৷

চাহ নগৰী ডুমডুমাত অনুষ্ঠিত অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ তৃতীয় পূৰ্ণাংগ মূল কাৰ্যনিৰ্বাহক সভাখনত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ ইয়াৰ লগতে অসম সাহিত্য সভাত চলি থকা বিত্তীয় খেলিমেলিৰ বাবে সভাই গঠন কৰি দিয়া তদন্ত কমিটিৰ তদন্ত সঠিক দিশত চলি থকাৰ লগতে অতি সোনকালে বাকী থকা তদন্ত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে সভাৰ দুগৰাকী ব্যক্তি আৰু এগৰাকী কৰ্মচাৰীৰ ওপৰত জাপি দিয়া আইনী যুঁজৰ খৰচ সভাৰ তৰফৰ পৰা বহন কৰাৰো সিদ্ধান্ত লোৱা হয় ৷ তদুপৰি কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা সভাৰ কোনো প্ৰাক্তন ব্যক্তি বা পদাধিকাৰীয়ে অসম সাহিত্য সভাৰ নাম ব্যৱহাৰ কৰি সভা-সমিতি আয়োজন কৰিব নোৱাৰিব ৷

লগতে পঢ়ক: Executive Meeting of asom sahitya sabha : আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.