শোকাকুল পৰিৱেশৰ মাজতে তিলনি দেৰগাঁও দুৰ্ঘটনাৰ দুৰ্ঘটনাগ্ৰস্তৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 6:17 PM IST

thumbnail

গোলাঘাট, 5 জানুৱাৰী: এক নিমাওমাও পৰিৱেশৰ মাজত গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত আজি মৃতকৰ ঘৰে ঘৰে সম্পন্ন কৰা হৈছে তিলনিৰ কৰ্ম ৷ প্ৰতিঘৰ লোকৰ ঘৰতে শোকাকুল পৰিৱেশ । পুৰোহিতে আৰম্ভ কৰিছে তিলনিৰ কৰ্ম ৷ সকলোৰে চকুত কেৱল চকুলো ৷

দুৰ্ঘটনাত শিশুসহ নিহত হোৱা ১১ গৰাকী লোকৰ আদ্যশ্ৰাদ্ধ ৰাজহুৱাভাৱে পতাৰ সিদ্ধান্ত লয় গাঁওবাসীয়ে ৷ উল্লেখ্য ৩ জানুৱাৰীত পুৱতি নিশা বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে ৰাওনা হৈছিল গাঁৱৰ প্ৰায় ৫০ গৰাকী লোক । কিন্তু অতি দুখজনকভাৱে দেৰগাঁও বালিজানত তিনিচুকীয়া দিশৰ আহি থকা এখন কয়লাভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে শিশুসহ দহগৰাকী লোক আৰু দুগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ।  

বৰ্তমান সংকটজনক অৱস্থাত শিশুসহ চাৰিগৰাকী লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ তদুপৰি ভালেসংখ্যক লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ।

লগতে পঢ়ক: দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা : মাত্ৰ এঘন্টা শুই গাড়ী চলাইছিল মৃদুল বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.