Microfinance loan waiver scheme : মুছলপুৰত মাক্ৰফাইনেন্সৰ ঋণ মুক্ত প্ৰমাণপত্ৰ প্ৰদান

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:52 PM IST

thumbnail

বাক্সা, ১৬ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো সোমবাৰে মাক্ৰফাইনেন্সৰ ঋণী মহিলাক ঋণ মুক্ত প্ৰমাণপত্ৰ প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । জিলাখনৰ ১,৭১৯ গৰাকী মহিলাক এই প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷

বাক্সা জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দুখীয়া আৰু মধ্যবিত্ত মহিলা সকলৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ বাবে ২০২১ চনত মাক্ৰফাইনেন্সৰ ঋণী মহিলা সকলক ঋণ মাফ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ৷

তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ভিতৰত দুখন ডাঙৰ আঁচনি হাতত লৈছে ৷ এখন মাক্ৰফাইনেন্সৰ ঋণ ৰেহাই আৰু আনখন অসমৰ ২৭ লাখ লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰা ৷ লগতে তেওঁ কয় যে, ৰাজনৈতিকভাৱে অসম আৰু বিটিআৰত বিজেপি, ইউপিপিএল, অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে ৷ অসমত আন দলৰ কথা চিন্তা কৰাৰ পৰিৱেশ নাই বুলি কয় প্ৰমোদ বড়োৱে ৷ লোকসভা নিৰ্বাচনত বিজেপি, ইউপিপিএলে একেলগে নিৰ্বাচন খেলিব বুলিও কয় প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক : Ajanta Neog in Jorhat : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰি গৈছে: অজন্তা নেওগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.