ETV Bharat / state

Ajanta Neog in Jorhat : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰি গৈছে: অজন্তা নেওগ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:51 PM IST

যোৰহাটৰ কাছাৰী ময়দানত মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণগ্ৰস্ত মহিলাক 'ন ডিউজ প্ৰমাণ পত্ৰ' প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰতিশ্ৰুতি পালন কৰিছে বুলি কয় কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷

Ceremonial Distribution of No Dues Certificate
যোৰহাটত মন্ত্ৰী অজন্তা নেওগ

যোৰহাটত এন ডি চি প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ

যোৰহাট, 16 অক্টোবৰ : ৰাজ্যত বিভিন্ন মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ঘূৰাই দিবলৈ অপৰাগ প্ৰায় ২.৩০ লাখৰো অধিক মহিলাক ৰাজ্য চৰকাৰে ঋণ মাফ কৰি দিয়াৰ 'ন ডিউজ প্ৰমাণ পত্ৰ' সোমবাৰে প্ৰদান কৰা হয় ৷ কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে যোৰহাটৰ কাছাৰী ময়দানত মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত 'ন ডিউজ প্ৰমাণ পত্ৰ' প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷

এই আঁচনিয়ে জিলাখনৰ ১৮,৫৩৫ গৰাকী ঋণগ্ৰস্ত মহিলাক সামৰি ল'ব ৷ এই আঁচনিৰ শুভাৰম্ভ আৰু 'ন ডিউজ প্ৰমাণ পত্ৰ' প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে, ২০২১ চনৰ নিৰ্বাচনত সেই সময়ৰ বিত্তমন্ত্ৰী অথাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে ৷ যিদৰে মুখ্যমন্ত্ৰীয়ে নিজৰ সন্তানৰ দৰে আই-মাতৃ সকলক সকাহ প্ৰদান কৰিছে সেইদৰে আই-মাতৃ সকলে মুখ্যমন্ত্ৰীৰ সপোনৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভূক্ত কৰাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টাত সমভাগী হ'বলৈ আহ্বান জনায় ৷

লগতে মন্ত্ৰী অজন্তা নেওগে প্ৰত্যাহ্বানক নেওচি মহিলাসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় আৰু ভুলৰ পৰাৰ শিক্ষা লৈ মহিলাসকল আগবাঢ়ি যোৱাত ব্ৰতী হ'ব লাগিব বুলি কয় ৷ এই আঁচনিয়ে বৰ্তমানলৈকে সৰ্বমুঠ প্ৰায় ১২.৩০ লাখৰো অধিক ঋণগ্ৰস্ত মহিলাক সামৰি লোৱাৰ লগতে ইয়াৰ বাবে ২,২০০ কোটি টকা ব্যয় কৰা হৈছে আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে মহিলাক সকলৰ বেংকৰ কাম-কাজত সহায়ক হ'ব বুলি মন্তব্য কৰে ৷ লগতে সকলোকে বেংকৰ পৰা লোৱা ঋণ ঘূৰাই দিবলৈ মন্ত্ৰী নেওগে আহ্বান জনায় ৷

আনহাতে চুতীয়া ছাত্র সন্থাৰ শীৰ্ষ নেতাই মন্ত্ৰী অজন্তা নেওগক লৈ কৰা বিৰূপ মন্তব্য সন্দৰ্ভত তেওঁ কয় যে, চুতীয়া জনগোষ্ঠীৰ বাবে বহু কাম কৰি আহিছে মন্ত্ৰীগৰাকীয়ে ৷ কোনে কি কৈছে কৰিছে সেয়া তেওঁৰ বিচাৰ্য বিষয় নহয় বুলি উল্লেখ কৰে মন্ত্ৰী নেওগে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনি ২০১৯ বৰ্ষৰ পৰা ২০২১ চনৰ ৩১ মাৰ্চলৈকে কাৰ্যকৰী হ'ব ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.