Thieves terror at Rangia : ৰঙিয়াত চিলনী চোৰৰ সন্ত্ৰাস

By

Published : Nov 5, 2022, 11:52 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এইবাৰ ৰঙিয়াত চিলনী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Thieves terror at Rangia)৷ জানিব পৰা মতে, শুক্ৰবাৰে ৰঙিয়াৰ চিৰাখুন্দিৰ ১০ নং ৱাৰ্ডৰ পাৱাৰ হাউচ চ’কত এজন পথচাৰীয়ে ম’বাইলত কথা পাতি গৈ আছিল ৷ তেনে সময়তে চিলনী চোৰে কাঢ়ি লৈ যায় পথচাৰীগৰাকীৰ ম’বাইল (Thieves Stole mobile at Rangia) ৷ ভুক্তভোগী পথচাৰীগৰাকীয়ে চোৰটোক ধৰিবলৈ সক্ষম নহ’ল যদিও চোৰটোৰ কিছু ব্যক্তিগত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় পথচাৰীগৰাকীয়ে ৷ সেই সামগ্ৰীৰ সহায়তে ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া সুশান্ত সিঙৰ তৎপৰতাত আটক হয় পাৱাৰ হাউছৰ মজাফৰ হুচেইন আৰু ৰাজু আলী নামৰ চিলনী চুৰ দুটা ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.